চয়েল খেতান,ৰহা
প্ৰানৰ শিল্পী,হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থা ৰ আহ্বান মৰ্মে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগনত নাহৰ পুলি ৰোপন কৰে।
ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উপ প্ৰধানাচাৰ্য অনামিকা দাস মেধিয়ে ৰোপন কৰা নাহৰ পুলি ৰোপন অনুষ্ঠানত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা,ৰহা মহাবিদ্যালয় আছু গোটৰ সদস্য সহ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আচাৰ্য্যা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।








कोई टिप्पणी नहीं:
एक टिप्पणी भेजें