ৰাষ্ট্ৰীয় মঞ্চলৈ যাব কাৰু শিল্পৰ শিল্পী ৰহা বাৰপূজীয়াৰ মুকেশ শইকীয়া - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

ৰাষ্ট্ৰীয় মঞ্চলৈ যাব কাৰু শিল্পৰ শিল্পী ৰহা বাৰপূজীয়াৰ মুকেশ শইকীয়া

 

চয়েল খেতান, ৰহা

 

 ৰাজস্থানৰ পশ্চিম মাণ্ডলীক সাংস্কৃতিক কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰীয় প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ


অসমৰ পৰম্পৰাগত বাঁহ আৰু বেত শিল্পজগতৰ এক সুপ্ৰতিষ্ঠিত নাম নগাঁও জিলাৰ বৰাপূজীয়া দৰঙ্গীয়াল গাঁৱৰ বাসিন্দা, জ্যেষ্ঠ শিল্পী তথা প্ৰশিক্ষক মুকেশ শইকীয়াই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (West Zone Cultural Centre – WZCC), উদয়পুৰ, ৰাজস্থানৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ প্ৰশিক্ষক হিচাপে চৰকাৰী আমন্ত্ৰণ লাভ কৰিছে ৷ এই সাফল্যই অসমৰ হস্তশিল্প জগতখনলৈ এক গৌৰৱময় অধ্যায় সংযোজন কৰিছে ৷

ভাৰত চৰকাৰৰ উদ্যোগত ২১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰ লৈ উদয়পুৰস্থিত শিল্পগ্ৰাম উৎসৱ–২০২৫ত অনুষ্ঠিত হ’বলগীয়া বিশেষ বাঁহ শিল্প কৰ্মশালাত শিল্পী শইকীয়াক প্ৰশিক্ষক হিচাপে নিৰ্বাচন কৰা হৈছে ৷ উক্ত কৰ্মশালাত তেওঁ দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পী, শিক্ষাৰ্থী আৰু কলাপ্ৰেমী সকলৰ সন্মুখত অসমৰ ঐতিহ্যমণ্ডিত বাঁহ শিল্পৰ পৰম্পৰা, নক্সা, ব্যৱহাৰিক প্ৰয়োগ আৰু আধুনিক ডিজাইনৰ সমন্বয় সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰিব ৷ উল্লেখযোগ্য যে পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ হৈছে ভাৰত চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ সাংস্কৃতিক সংস্থা, যাৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ লোকশিল্প আৰু হস্তশিল্পক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সংৰক্ষণ, প্ৰচাৰ আৰু বিকাশ সাধন কৰা ৷ এনে এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰা অসমৰ এগৰাকী শিল্পী-প্ৰশিক্ষকে এই ধৰণৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাটো কেৱল ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে ৷

ইতিপূৰ্বে যোৱা মাহত নাগপুৰত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় অনুষ্ঠানত বাঁহ শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শিল্পী মুকেশ শইকীয়াক সম্বৰ্ধনা জনাইছিল ৷ এই সম্বৰ্ধনাই তেওঁৰ শিল্পীসত্তা, দক্ষতা আৰু দীঘলীয়া সাধনাক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে ৷

প্ৰায় বিশ বছৰৰো অধিক কাল ধৰি বাঁহ আৰু বেত শিল্পৰ সৈতে একনিষ্ঠভাৱে জড়িত হৈ থকা শিল্পী শইকীয়াই ইতিপূৰ্বে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি, স্কিল ইণ্ডিয়া, হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগ, KVIC, EZCC, SCZCC, NEHHDC, NECBDC, CCRT, Oil India আদি কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ লগতে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ বিভাগ, (ASTEC) আদি বহু বিভাগৰ সৈতে মাষ্টাৰ ট্ৰেইনাৰ হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ তেওঁৰ প্ৰশিক্ষণৰ জৰিয়তে হাজাৰ হাজাৰ শিল্পীয়ে দক্ষতা বিকাশৰ সুযোগ লাভ কৰাৰ লগতে আত্মনির্ভৰশীলতাৰ পথত আগবাঢ়িবলৈ সক্ষম হৈছে ৷ শিল্পী মুকেশ শইকীয়াৰ এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ পৰম্পৰাগত বাঁহ আৰু বেত শিল্পক কেৱল ৰাষ্ট্ৰীয় মঞ্চত পৰিচিত কৰোৱাই নহয় বৰঞ্চ নৱ প্ৰজন্মৰ বাবে এই শিল্পক এক সম্ভাৱনাময় জীৱিকা আৰু গৌৰৱৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷বৰ্ষ ২০২২ ত বাৰপূজীয়াত অনুষ্ঠিত তিবা মাখনলাই তখ্ৰাৰ দ্বাদশ সাধাৰন অধিবেশন আৰু বাৰপূজীয়াত বৰ্ষ ২০২৪ত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ মুখ্য প্ৰবেশ দ্বাৰ নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें