চয়েল খেতান,ৰহা
বসুন্ধৰী আই থান পৰিচালনা সমিতি আৰু ভৈমী একাদশী মেলা উদযাপন সমিতিৰ সংবাদ মেল সম্বোধন।
ৰহাৰ চাপৰমুখ গছপাৰা বসুন্ধৰী পাহাৰত স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা বসুন্ধৰী আই থানত প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ৭১তম্ ভৈমী একাদশী মেলা উৎসৱ অহা ২৮ জানুৱাৰীৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি মা বসুন্ধৰী আই থান পৰিচালনা সমিতি আৰু ভৈমী একাদশী মেলা উৎসৱ উদযাপন সমিতিয়ে সংবাদ মেল আয়োজন কৰি কাৰ্য্যসূচী বিষয়ে অবগত কৰে আৰু সমূহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰে।
সংবাদ মেল থান পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কোঁৱৰ আৰু সম্পাদক শিৱৰাম নাথে সম্বোধন কৰাৰ লগতে সংবাদ মেলত থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথ,মেলা উৎসৱ উদযাপন সমিতিৰ সভাপতি তিলক শৰ্মা, সম্পাদক জয়ন্ত কুমাৰ কলিতা,থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক অৰবিন্দ নাথ,বজাৰ উপ সমিতিৰ সম্পাদক Nripen চন্দ্ৰ নাথ,মেলা উৎসৱ উদযাপন সমিতিৰ সহ সম্পাদক বিকাশ আগৰৱালা, হিচাৰ পৰীক্ষক উমেশ কাকতি আৰু সদস্য পবন চন্দ্ৰ নাথ উপস্থিত থাকে।
অহা ২৮ জানুৱাৰী ৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা ভৈমী একাদশী মেলা উৎসৱ ৰ নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰী ভৈমী একাদশী মেলা ৰ প্ৰথম দিন পূবা ৭বজাত স্থানীয় আয়তী সকলে মা থানৰ বাবে পানী তোলাৰ লগতে মা স্নান তৰ্পন,৮বজাত ধৰ্ম ধৰ্মধ্বজা উওোলন কৰিব বসুন্ধৰী আই থান পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কোঁৱৰ।
৮.৩০বজাত স্মতি তৰ্পন কৰিব ভৈমী একাদশী মেলা উৎসৱ উদযাপন সমিতিৰ সভাপতি তিলক শৰ্মা, ৯বজাত বৃক্ষ ৰোপন কৰিব থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক অৰবিন্দ নাথে।৯.৩০বজাত স্থায়ী পূজাৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান।১০বজাত মা মন্দিৰ,শিৱ মন্দিৰ,গনেশ মন্দিৰ,হৰ গৌৰী ও বিষ্ণু মন্দিৰ ত যথা বিহীত পূজা আৰম্ভ হব।১০.৩০বজাত বজাৰ দ্বাৰ ও মেলা শুভাৰম্ভ কৰিব থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰফুল্ল নাথে,১১বজাত স্থানীয় আই সকলৰ দ্বাৰা দিহা নাম পৰিবেশন আৰু মহা প্ৰসাদ বিতৰন।২বজাত প্ৰানৰ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰী ৰ দ্বাৰা অকণিৰ অনুষ্ঠান।বিয়লী ৫বজাত বৰপানি কপিলী বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। সাংস্কৃতিক অনুষ্ঠান ৰ মঞ্চ উদ্বোধন কৰিব গুবাহটী এপেক্স ডায়েগ্নষ্টিকৰ বিশেষজ্ঞ চিকিৎসক ও পৰিচালন সঞ্চালক ডা:পল্লবী বৰা।৫.৩০বজাত ভাগ্যশ্ৰী দেবী ৰ নেতৃত্বত আমন্ত্ৰিত দিহানাম শিল্পী সকলৰ দ্বাৰা নাম পৰিবেশন।
নিশা ৯বজাত সমলয় সাংস্কৃতিক অনুষ্ঠান ৰ মুখ্য আকৰ্ষণ মনোৰঞ্জন নাথ আৰু গইংকা ৰাণীৰ গীতৰ শৰাই।
মেলাৰ দ্বিতীয় দিন ২৯ জানুৱাৰীত পূবা ৮বজাত যথা বিহিত পুজা আৰম্ভ।৮বজাত দৰ্শনাৰ্থী ৰ বাবে মন্দিৰ দ্বাৰ মুকলি কৰা হব।
১০বজাৰ পৰা থান পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কোঁৱৰ ৰ সভাপতিত্বত অনুষ্ঠিত হব মুকলি সভা আৰু দাতা সকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।
মুকলি সভাত মুখ্য অতিথি ৰুপে ৰাজ্যৰ জল সম্পদ,জন সংযোগ ও কাৰিকৰী তথা প্ৰযুক্তি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, বিশিষ্ট অতিথি ৰুপে ৰহাৰ বিধায়ক শশীকান্ত দাস, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰভাত তাৰ,তিবা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰীকা,নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহা সমজিলা আয়ুক্ত ড° অংকীতা বৰা,ৰহা চক্ৰ বিষয়া সুপ্ৰভা ৰয়,নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,ৰহা সমজিলা আৰক্ষী অধীক্ষক সোনমনি শইকীয়া সহ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকিব।বিয়লী ৪বজাত স্বৰ্গীয়া মীৰা নাথ সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয় ৰ ডীন ডা:ৰুবী কটকী, ৪.৩০বজাত অনুষ্ঠিত হব ঐক্যতান সাংস্কৃতিক অনুষ্ঠান।নিশা ৯বজাত স্থানীয় যুৱক যুৱতী সকলক দ্বাৰা সামাজিক নাট মৰমে কান্দিছে মঞ্চস্থ কৰা হব।
মেলাৰ ৩য় তথা অন্তিম দিন ৩০ জানুৱাৰীত পূবা যথা বিহিত পুজা, স্থানীয় আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন আৰু মহাপ্ৰসাদ বিতৰন কৰা হব।
বিয়লী ৪বজাত দেওলাংখুই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰ মঞ্চ উদ্বোধন কৰিব বাক্সা জিলাৰ বাসুগাঁও মহাবিদ্যালয় ৰ সহযোগী অধ্যাপক ড° দিব্যজ্যোতি শইকীয়া আৰু কনচেং বিহুবা দলৰ অনুষ্ঠান।বিমল হাজোবাৰী ও বসুন্ধৰী আদৰ্শ গাঁও বড়ো সমাজৰ দ্বাৰা কমল বড়ো ৰ নেতৃত্বত বাগৰুম্বা নৃত্য পদৰ্শন কৰা হব আৰু স্থানীয় আই সকলৰ দ্বাৰা শ্ৰীবৎস্য পালা ভাওনা আৰু নিশা ১২বজাত মেলা উৎসৱ ৰ সমাপন কৰা হব।








कोई टिप्पणी नहीं:
एक टिप्पणी भेजें