পতঞ্জলি ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ উপস্থিত ৰহা তহচিল আৰু নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ন্যাস ৰ নতুন সমিতি গঠন - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

পতঞ্জলি ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ উপস্থিত ৰহা তহচিল আৰু নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ন্যাস ৰ নতুন সমিতি গঠন

 


চয়েল খেতান, ৰহা


ৰহা গোপীনাথ বৰদলৈ বিদ্যাপীঠ স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ ত দেওবাৰে বিয়লী পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ তত্বাৱধানত পৰিচালিত তথা পতঞ্জলি ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ সভাপতিত্বত আৰু ৰহা তহচিল পতঞ্জলি ৰ তহচিল প্ৰভাৰী কমল চন্দ্ৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰন সভাত ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰ আৰু নগাঁও জিলা পতঞ্জলি ৰ প্ৰতিনিধি ওমপ্ৰকাশ জাজুদিয়া,ৰহা পতঞ্জলি ৰ মুখ্য সংৰক্ষক ৰামনিবাস শৰ্মা,সহ প্ৰভাৰী সুনিল হাজৰিকাই বক্তব্য প্ৰদান কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ সমান্তৰালকৈ ৰহা তহচিল ৰ পুৰনা সমিতি ভংগ কৰাৰ লগতে সৰ্বসম্মতিত ৰহা তহচিল পতঞ্জলি আৰু নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ন্যাস ৰ নতুন সমিতি গঠন কৰা হয়।সৰ্বস্মতিত ওম প্ৰকাশ জাজদিয়াক মুখ্য সংৰক্ষক,দিলীপ গোস্বামী ক মুখ্য উপদেষ্টা,ৰামনিবাস শৰ্মা বিশ্বকান্ত নাথক উপদেষ্টা,সুনিল হাজৰিকাক প্ৰভাৰী,দিলীপ কুমাৰ দাস,অৰুপ কুমাৰ বৈশ্যক সহ প্ৰভাৰী,কমল চন্দ্ৰ শৰ্মাক সাধাৰন সম্পাদক, সুৰেন কুমাৰ নাথক সাংগঠনিক সম্পাদক, ত্ৰেলোক্য মোহন নাথক কোষাধক্ষ্য,গৌতম দেবনাথক জিলা পতঞ্জলি যোগ সমিতি প্ৰবাসী,প্ৰনৱ কাকতি,বাবুল দাস,ৰুপজ্যোতি নাথ ক সহ প্ৰভাৰী,বিনোৱা ৰাজবংশী ক জিলা কাৰ্য্যালয় প্ৰভাৰী,হেমন্ত বিকাশ ডেকাক সহ প্ৰভাৰী,সঞ্জয় কুমাৰ কাকতি ক জিলা যুৱ প্ৰভাৰী,দিগন্ত কুমাৰ ভূঞাঁক জিলা কিষান প্ৰভাৰী,অজিত কুমাৰ বৰাক জিলা আইনবিধী প্ৰভাৰী,সাংবাদিক চয়েল খেতানক জিলা সংবাদ প্ৰভাৰী,অসীম হাজৰিকাক জিলা যোগ বিচতাৰক আৰু নিৰঞ্জন নাথ,ৰবিন নাথ,বিমান দাস,মনোৰঞ্জন নাথ আৰু পুনাৰাম নাথক সদস্য হিচাপে লৈ নগাঁও জিলা ভাৰত স্বাভীমান ন্যাস ৰ নতুন সমিতি গঠন কৰা হয়।লগতে ৰামনিবাস শৰ্মাক মুখ্য সংৰক্ষক,কমল চন্দ্ৰ শৰ্মাক ভাৰত স্বাভীমান ট্ৰাষ্টৰ প্ৰভাৰী, সুনিল হাজৰিকা ক সহ প্ৰভাৰী হিচাপে লৈ কেইবাজনিয়া ৰহা তহচিল পতঞ্জলি ৰ নতুন সমিতি গঠন কৰা হয়।


শান্তি পাঠেৰে সমাপন হোবা সভাত যোগ আৰু নেচৰুথেৰপী প্ৰেকটিচনাৰ অনিমা শৰ্মা, ৰহা তহচিল পতঞ্জলি, নগাঁও জিলা পতঞ্জলি সহ ৰহা,নগাঁও, মৰিগাঁও ৰ পতঞ্জলি ৰ বিষয় ববীয়া,সদস্য, সদস্যা উপস্থিত থাকে।লগতে আজি পূবা ৫.৩০বজাৰ ৰ যোগ শিবিৰ ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ পৰিচালনাত অনুষ্ঠিত হয়।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें