ৰহা সমজিলাত উদযাপন ৭৭তম্ গণৰাজ্য দিৱস, গীত নৃত্যেৰে মুখৰিত - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

ৰহা সমজিলাত উদযাপন ৭৭তম্ গণৰাজ্য দিৱস, গীত নৃত্যেৰে মুখৰিত


চয়েল খেতান, ৰহা


আজি ৭৭তম্ গণৰাজ্য দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে ৰহা সমজিলাতো গণৰাজ্য দিৱস উল্লহ মালহেৰে উদযাপন হয়।

    ৰহাৰ বিভিন্ন চৰকাৰী, বে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ,কাৰ্যালয় ত পূবা পতাকা উওোলন কৰাৰ লগতে ৰহা সমজিলা প্ৰশাসন ৰ উদ্যোগত ৰহা ক্ৰীড়া সন্থাৰ খেল পথাৰত বীৰ শ্বহীদ সকলৰ স্মৃতি ত শ্বহীদ তৰ্পন কৰাৰ পাছত ৰহা সমজিলা আয়ুক্ত ড° অংকীতা বৰাই ৰাষ্ট্ৰীয় পতাকা উওোলন কৰাৰ পাছত আৰক্ষী আৰু ৰহাৰ বিভিন্ন চৰকাৰী,বে চৰকাৰী বিদ্যালয়. মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা কুচকবাজ প্ৰদৰ্শন আৰু প্ৰতিকপট শোভাযাত্ৰা বাহিৰ হয়।

   গাঁও প্ৰধান ৰন্টু মুদৈয়ে আঁত ধৰা গণৰাজ্য দিৱস ত শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ,ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী ৰ সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰাৰ লগতে সকলোকে আপ্লুত কৰি তুলে।

   গণৰাজ্য দিৱস উপলক্ষে অসমৰ ৰাজ্যপালৰ দ্বাৰা বঁটা প্ৰাপক ৰহা পূব টোপাকুছিৰ নিবাসী তথা প্ৰাক্তন সেনা বিষয়া দেৱনাথ বৰদলৈ, স্বতন্ত্ৰতা সেনানীৰ পৰিয়ালবৰ্গ সহ ৰহা সমজিলা,ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় কৰ্মচাৰী সহ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

   লগতে গণৰাজ্য দিৱস উপলক্ষে প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়।

  গণৰাজ্য দিৱস উপলক্ষে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ৰহা সমজিলা আৰক্ষী অধীক্ষক সোনমনী শইকীয়া, ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা, উপ পৌৰপতি অনিমা দাস, ৰহা ৰাজহ চক্ৰ বিষয়া সু প্ৰভা ৰয়,ৰহা মহাবিদ্যালয় অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ৰহা মীন মহাবিদ্যালয় ডীন ড° প্ৰদীপ চন্দ্ৰ ভূঞা, সমাজকৰ্মী মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি,সম্পাদক ভাৰত বৰুৱা সহ ৰহা মহাবিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ ৰহাৰ বিভিন্ন চৰকাৰী, বে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী, ছাত্ৰ, ছাত্ৰী সহ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান ৰ প্ৰতিনিধি সহ শতাধিক ৰাইজ উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें

Narendra Soni
Click or tap on the image to maximize
Rock n Dhol
Click or tap on the image to maximize
Rise Plus
Click or tap on the image to maximize
Live Telecast
Click or tap on the image to maximize
WhatsApp
Click or tap on the image to maximize
× Enlarged Image ```