চয়েল খেতাণ
ৰহা। ৰহা নিবাসী,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, স্বপ্নদ্ৰষ্টা হিৰন্য নাৰায়ন বৰা ৰ জন্মদিন উপলক্ষে দেওবাৰে বিয়লী ২বজাৰ পৰা হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসৰ উদ্যোগত ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত অনুষ্ঠিত হোবা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত সৰ্বপ্ৰথমে মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বিশিষ্ট শিক্ষাবিদ হিৰন্য নাৰায়ন বৰাৰ প্ৰতিচ্ছবি ৰ সন্মুখত সমাজকৰ্মী ভবেন চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বৰগীত পৰিবেশনেৰে আৰম্ভ হোবা আৰু ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈৰ সভাপতিত্বত আৰু হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসৰ কাৰ্য্যবাহী ন্যাসৰক্ষী ডা° পল্লবী বৰাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই বক্তৃতা প্ৰদান কৰাৰ লগতে হিৰন্য নাৰায়ন বৰা স্মাৰক বঁটা ৰহা চাপৰমুখ নিবাসী, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ শৰ্মালৈ হিৰন্য নাৰায়ন বৰা স্মাৰক বঁটা প্ৰদান কৰা হয়।
নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী,হিৰন্য নাৰায়ন বৰাৰ পৰিয়ালবৰ্গৰহৈ চুনামণি বৰাই বক্তব্য আগবঢ়োৱা ৰ লগতে অনুষ্ঠানত মুখ্য ন্যাসৰক্ষী ৰুপেন্দ্ৰ নাৰায়ন বৰা সহ
হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস ৰ লগতে ৰহা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ প্ৰতিনিধি আৰু হিৰন্য নাৰায়ন বৰা ৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।উল্লেখযোগ্য যে বৰ্ষ ২০২৩ৰ পৰা হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসে সমাজৰ বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়াই অহা একোজন ব্যক্তিক হিৰন্য নাৰায়ন বৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছে।






कोई टिप्पणी नहीं:
एक टिप्पणी भेजें