আশু-আৰোগ্য কামনা
গুৱাহাটী,২৯ অক্টোবৰ: অসমৰ বিশিষ্ট কন্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লা গুৰুতৰভাৱে অসুস্থ হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আই চি ইউত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে শিল্পী গৰাকীৰ অৱস্থা অতি সংকটজনক । বিশিষ্ট শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে ৰাজ্যৰ ভিন ভিন দল-সংগঠনে । এক বিজ্ঞপ্তি যোগে বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন -দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণী কান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, সাংস্কৃতিক -সামাজিক অনুষ্ঠান "জ্যোতিৰূপা"ৰ সাধাৰণ সম্পাদক ড০ নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংস্কৃতিক সমিতিৰ সভাপতি তৃষ্ণা পেগু দলে, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, আৰোহণ আৰ্টিষ্ট গীল্ড, অসমৰ সভাপতি দিলীপ নাথ, 'আসাম লুটাদ'ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড০ এম গোপাল সিংহ, চিন্তাবিদ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, ৰঘুনাথ চৌধাৰী শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্ত আৰু সম্পাদক বৈকুণ্ঠ নাথ দাস, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে একেমুখে বিশিষ্ট শিল্পী গৰাকী অতি সোনকালেই আৰোগ্য হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।






कोई टिप्पणी नहीं:
एक टिप्पणी भेजें