আশু-আৰোগ্য কামনা ৰাজ্যৰ ভিন ভিন দল - সংগঠনৰ
গুৱাহাটী,২৯ অক্টোবৰ: ৰাজ্যৰে নহয় দেশৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা বৰ্তমান চেন্নাইৰ Rela Hospital ৰ আই চি ইউত অতি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। জানিব পৰা মতে ventilator ত ৰখা হৈছে। অসমৰ ভিন ভিন দল-সংগঠনে একেমুখে বাঁহী বাদক দীপক শৰ্মা অতি সোনকালেই সুষ্ঠ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। এক বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ঈশ্বৰ, আল্লা, গভ, ফাদাৰ সকলোৱে বাঁহী বাদক দীপক শৰ্মাক সুষ্ঠ কৰি তোলা। যিজনাৰ হৃদয় পৰশা বৃন্দাবনত কৃষ্ণই বাঁহী বজোৱাৰ দৰে পৰিৱেশ গঢ়ি তুলিব পাৰে। আমাক আৰু কষ্ট, দুখ-বেদনাত নেপেলাব।" বাঁহী বাদক দীপক শৰ্মাৰ অতি শীঘ্ৰে সুষ্ঠ হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন -দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণী কান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, সাংস্কৃতিক -সামাজিক অনুষ্ঠান "জ্যোতিৰূপা"ৰ সাধাৰণ সম্পাদক ড০ নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংস্কৃতিক সমিতিৰ সভাপতি তৃষ্ণা পেগু দলে, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, আৰোহণ আৰ্টিষ্ট গীল্ড, অসমৰ সভাপতি দিলীপ নাথ, 'আসাম লুটাদ'ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড০ এম গোপাল সিংহ, চিন্তাবিদ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, ৰঘুনাথ চৌধাৰী শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্ত আৰু সম্পাদক বৈকুণ্ঠ নাথ দাস, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে একেমুখে । সকলোৰে এটাই আশা সোনকালেই সুষ্ঠ হৈ পৰক আদৰৰ বাঁহী বাদক জন।






कोई टिप्पणी नहीं:
एक टिप्पणी भेजें