অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত ভ০ অসমী গগৈৰ গ্ৰন্থ "মহানায়কৰ মহাপ্ৰয়াণ" উন্মোচন - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত ভ০ অসমী গগৈৰ গ্ৰন্থ "মহানায়কৰ মহাপ্ৰয়াণ" উন্মোচন

 

 

শিল্পীৰ স্বাধীনতা থাকে : হৰেকৃষ্ণ ডেকা


শিল্পী -সাহিত্যিকক জীৱন কালতে আদৰ কৰিব লাগে : 

ডা: অঞ্জল জ্যোতি চৌধুৰী 


জুবিন গাৰ্গৰ মৃত্যুৱে পৃথিৱীক বুজাই দিলে অসমীয়া সৰ্বশক্তিমান জাতি : 

দেৱজিৎ বৰা


গুৱাহাটী, ৪ নৱেম্বৰ: আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত সদ্য প্ৰয়াত সংগীত তাৰকা, সৰ্বজনৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ বৰ্ণিল জীৱনৰ আধাৰত বিশিষ্ট লেখিকা, অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব তথা মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈৰ দ্বাৰা ৰচিত গ্ৰন্থ "মহানায়কৰ মহাপ্ৰয়াণ" (জুবিন গাৰ্গৰ দেহাৱসান) শুভ উন্মোচন কৰা হয়। আৰম্ভণিতে জুবিন গাৰ্গৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰাক্তন অধ্যক্ষা ড০ সুচিত্ৰা কাকতি, অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া তথা লেখিকা ৰেণু দত্ত ফুকন, লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতিদ্বয় মৃদুলা শৰ্মা, মঞ্জুলা শৰ্মা ভট্টাচাৰ্য আৰু মঙলদৈ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা কানন বৰদলৈয়ে। ইয়াৰ পিছতে জুবিন গাৰ্গ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, শিল্পী চৈয়দ ছাদুল্লা, সাহিত্যিক -সাংবাদিক ড০ নৱকান্ত বৰদলৈৰ‌ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট যৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়- "জুবিন গাৰ্গৰ মৃত্যুৱে পৃথিৱীক বুজাই দিলে অসমীয়া সৰ্বশক্তিমান জাতি। পৃথিৱীত কোনো জাতি নাই এই কথাও দৃঢ়তাৰে উপস্থাপন কৰিলে জুবিনে। মানুহে মানুহক মৰ্যদা দিব লাগে, সেই কথাও বুজাই দিলে জুবিনে। জুবিন গাৰ্গে সপোন দেখা সমাজখন নিৰ্মাণৰ কোনে এতিয়া নেতৃত্ব‌ ল'ব, এই কথা চিন্তা কৰিবলৈ হ'ল। প্ৰকৃত ন্যায়ৰ হকে আমি সাহসেৰে মাত মাতিব লাগিব। আমি থলুৱা ভাষা সমূহক ৰক্ষা কৰিবলৈ প্ৰতিজন অসমীয়াই বদ্ধপৰিকৰ হ'ব লাগিব।" 


সভাত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰসিদ্ধ কবি, সাহিত্যিক, ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই কয়- "শিল্পীৰ স্বাধীনতা থাকে। এই স্বাধীনতাক হস্তক্ষেপ কৰা অনুচিত। জাতিক জগোৱাৰ গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। সকলো পক্ষই জুবিন গাৰ্গক ভাল পাইছিল। মাইকেল জেকচনৰ সমকক্ষ শিল্পী জুবিন গাৰ্গ। " সাংবাদিক- লেখক দীপক শৰ্মাই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে শিল্পী তথা সাহিত্যক ডা: অঞ্জন জ্যোতি চৌধুৰীয়ে কয়- "শিল্পী -সাহিত্যিক-সাংবাদিকক জীৱন কালতে আদৰ কৰিব লাগে। মৃত্যুৰ পাছত সন্মান দিব লাভ নাই। জীৱন কালতে যি দিল লাগে দিব লাগে। নিৰ্মল অন্তৰৰ মানুহে জীৱনী লেখিব পাৰে। ড০ অসমী গগৈৰ চিন্তা নিৰ্মল।" সভাত বিশিষ্ট বোলছবি অভিনেতা কপিল বৰা আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ বিশাল চিন্তাধাৰাৰ লগতে লেখিকা ড০ অসমী গগৈৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে। প্ৰতিভাবান কন্ঠশিল্পী দুৰ্গামণি বৰগোহাঁই আৰু মিতালী শৰ্মাই সাৱলীল ধৰণেৰে গীত পৰিৱেশন কৰা সভাত আলহি হিচাপে অসম চৰকাৰৰ প‌্ৰাক্তন আয়ুক্ত সচিব অঞ্জন শৰ্মা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চফিউৰ ৰহমান শইকীয়া, ৰাজ্যৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড০ অনিতা চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, উমাকান্ত ভট্টাচাৰ্য, দীপুল হুছেইন, গৌৰীকান্ত কাকতি, লেখিকা পুতলী কায়স্থই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছয়কুৰিৰো অধিক বিশিষ্ট কবি, সাহিত্যিক, শিল্পী, সাংবাদিক উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें