ডালিমবাৰীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

ডালিমবাৰীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

 

চয়েল খেতান, ৰহা


বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ অন্তৰ্গত পশ্চিম কাৰ্বআংলং জিলাৰ


আমৰি খণ্ড আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি ডালিমবাৰীৰ চিনানী হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে ব্লক পৰ্যায়ৰ বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুস্থিত হয়৷ বিজ্ঞান কেন্দ্ৰটোৰ অন্তৰ্গত ভকচং হাইস্কুল, বুঢ়া টিমুং মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয়, ডালিমবাৰী আদৰ্শ বিদ্যালয়, চিনানী ধৰ্মেশ্বৰ ইংলং মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয়, হাতীগড় এম ই স্কুল, চিনানী হাইস্কুলকে ধৰি কেবাখনো বিদ্যালয়ৰ  অৰ্ধ শতাধিক ছাত্ৰছাত্ৰীয়ে প্ৰতিযোগিতা সমূহত অংশ গ্ৰহন কৰে ৷প্ৰতিযোগিতা সমূহৰ ভিতৰত আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হাতীগড় এম ই স্কুলৰ মনমোহন ৰংপীয়ে দ্বিতীয় চিনানী হাইস্কুল ডালিমবাৰীৰ উমে ৰাইহানা ফাৰুকী, তৃতীয় স্থান লাভ কৰে আদৰ্শ বিদ্যালয় ডালিমবাৰীৰ প্ৰীয়ানো প্ৰীতম হোকাই য়ে ৷আইডিয়া প্ৰতিযোগিতাত প্ৰথম নিখা ৰংপিপী পি এম শ্ৰী ভকচং হাইস্কুল, দ্বিতীয় দীপা চক্ৰবৰ্তী হাতীগড় এম ই স্কুল ,আৰু তৃতীয় অৰজিতা চেনাৰপী পি এম শ্ৰী ভকচং হাইস্কুল, পষ্টাৰ ড্ৰইং প্ৰতিযোগিতাত প্ৰথম মহাবীৰ কুৰি পি এম শ্ৰী ভকচং হাইস্কুল, দ্বিতীয় খুচী চৰকাৰ  চিনানী হাই স্কুল ডালিমবাৰী আৰু তৃতীয় স্থান লাভ কৰে চিবানী বিশ্বাস বুঢ়া টিমুং মেমৰিয়েল এম ই স্কুলে ৷ বিজ্ঞান ভিত্তিক আৰ্হি (মডেল) প্ৰতিযোগিতাত প্ৰথম ডালিমবাৰী আদৰ্শ বিদ্যালয়ৰ ৰাজুকোল ইচলাময়ে৷ দ্বিতীয় চিনানী ধৰ্মেশ্বৰ ইংলেং মেমৰিয়েল এম ই স্কুলৰ ভাৰ্গব বিস্বাস আৰু তৃতীয় স্থান লাভ কৰে হাতীগড় মধ্য ইংৰাজী বিদ্যালয়ৰ ৰবিচন ৰংপীয়ে৷ প্ৰতিযোগিতাৰ অন্তত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটোৰ স্থায়ী সভাপতি তথা চিনানী হাই স্কুলৰ প্ৰধান শিক্ষক বলিন কুুুমাৰ নাথৰ সভাপতিত্বত অনুুস্থিত হোৱা বটাঁ বিতৰণী সভাত সমন্বয়ক ফুনু শৰ্মাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী সকলে নিজ নিজ অঞ্চল সমূহত বিজ্ঞানৰ বাতাবৰণ সৃষ্টি কৰাত বিশেষ ভাবে সহায় কৰা সম্পৰ্কে বিষদভাবে বৰ্ণনা কৰে ৷অনুষ্ঠানত স্থান  প্ৰাপ্ত প্ৰতিযোগি সকলক একোটাকৈ ট্ৰফি আৰু একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয় ৷ বিজ্ঞান কেন্দ্ৰটোৰ সমন্বয়ক ফুনু শৰ্মাই আত ধৰা সভা খনত চিনানী হাইস্কুলৰ শিক্ষক প্ৰকাশ শইকীয়া ,শৈলেন চৰকাৰ , দিলীপ কুমাৰ নাথ , বুঢ়া টিমুং মেমৰিয়েল এম ইৰ প্ৰধান শিক্ষক হিতেন নাথ ৷ ডালিমবাৰী আদৰ্শ বিদ্যালয়ৰ শিক্ষক মনোজ কুমাৰ ৰয়, , ভকচং হাইস্কুলৰ অবিনাশ কাশ্যপ চিনানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাসন্তী শৰ্মা, বিমান বৰা ,অসীম দাস, প্ৰিয়ংকা মণ্ডল, হাতীগড় এম ই স্কুলৰ শিক্ষক খৰ্গেশ্বৰ শইকীয়া ৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে ৷

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें