চয়েল খেতান, ৰহা
কলকাতাৰ অসম ভবনৰ সভাগৃহত লুইত জিষ্ট কমিউনিকেচন এডুকেচনল ট্ৰাষ্ট ৰ উদ্যোগত বিশ্ববন্দিত আনন্দৰাম বৰুৱাৰ ১৭৫সংখ্যক জয়ন্তী স্মৰনত অনুষ্ঠিত হোবা ব্ৰক্ষ্মপুত্ৰ গংগা ৰাষ্ট্ৰীয় সংগম মহোৎসৱ ২০২৫ বঁটা প্ৰদান কৰা হয়। ড° ৰাজশ্ৰী বৰাই বঁটা লৈ ৰহালৈ গৌৰৱ কঢিয়াই অনাত ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে শুভেচ্ছা জনাই।
মাধৱ কন্দলী আৰু কৃওিবাসী ৰামায়নৰ বিষয়বস্ত :এটি তুলনামূলক অধ্যয়ন -শীৰ্ষক গবেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা *ph.D* ডিগ্ৰী লাভ কৰা
ড° ৰাজশ্ৰী বৰাই স্নাতক পৰ্যায়ত থাকোঁতে *প্ৰকাশন পৰিষদ* বঁটা, স্নাতকোত্তৰ পৰ্যায়ত থাকোঁতে অসম সাহিত্য সভাৰ *অসম সংঘ আমেৰিকা* বঁটা, ভাষা সাহিত্য আৰু সমাজ সংস্কৃতিৰ জিলঙনি গ্ৰন্থ ৰ বাবে বাৰ্তা পখিলী ২০২০বৰ্ষৰ *পুষ্পাদেৱী জালান সাহিত্য* বঁটা, নগাঁও জিলা মহিলা মৰ্চাৰ দ্বাৰা বৰ্ষ ২০২৩ত *সুষ্মা স্বৰাজ* বঁটা, বৰ্ষ ২০২৪ত অসম শিল্পী কাননৰ দ্বাৰা *নিৰ্মল প্ৰভা বৰদলৈ সোঁৱৰণী* বঁটা, অসম উদয়াদিত্য গোষ্ঠী ৰ দ্বাৰা বৰ্ষ ২০২৫ৰ জানুৱাৰীত *সমাজ ৰত্ন সন্মান* ,ৰহা মহাবিদ্যালয় অসমীয়া বিভাগৰ দ্বাৰা *শব্দ কেশৰী* উপাধি লাভ কৰি ৰহালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।








कोई टिप्पणी नहीं:
एक टिप्पणी भेजें