চয়েল খেতান, ৰহা
ৰহাৰ চাপৰমুখ সিং গাঁও স্থিত দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত চাপৰমুখ সিং যুৱ সন্থাৰ উদ্যোগত আৰু গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটিৰ সহযোগত চাৰ সাহিবজাদা (বীৰ বাল) দিৱস আৰু শিখ সকলৰ দশম গুৰু গোবিন্দ সিংজীৰ জয়ন্তী উল্লহ মালহেৰে পালন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু সমস্ত ক্ষেত্ৰ শবদ কীৰ্তনেৰে ভক্তিময় কৰি তুলে।
এই উপলক্ষে পূবা গুৰুদ্বাৰা মাতাজীত ভক্ত সকলৰ দ্বাৰা আশা দিবাৰ ভোগ আৰু শবদ কীৰ্তন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰাৰ লগতে সন্ধ্যা ৬বজাৰ পৰা চাপৰমুখ শংকৰ মন্দিৰৰ সন্মুখত শিখ যুৱ সন্থাৰ সদস্য সকলৰ দ্বাৰা পথচাৰিৰ বাবে চাহৰ আৰু নাস্তাৰ ব্যবস্থা কৰাৰ লগতে আৰ্থিক ভাবে দুৰ্বল পদপথ আৰু গৃহহীন লোক সকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰে।
এই উপলক্ষে চাপৰমুখ শিখ যুৱ সন্থাৰ সভাপতি সৰদাৰ আজমীৰ সিং,সম্পাদক জছপাল সিং সহ শিখ যুৱ সন্থা আৰু গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটিৰ বিষয় ববীয়া, সদস্য,সদস্যা উপস্থিত থাকে।








कोई टिप्पणी नहीं:
एक टिप्पणी भेजें