ৰহা পূব শালমৰা প্ৰাথমিক বিদ্যালয়ত কন কন ছাত্ৰ ছাত্ৰী ৰ মাজত প্ৰাক ভোগালী বিহু উদযাপন - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

ৰহা পূব শালমৰা প্ৰাথমিক বিদ্যালয়ত কন কন ছাত্ৰ ছাত্ৰী ৰ মাজত প্ৰাক ভোগালী বিহু উদযাপন



 চয়েল খেতান, ৰহা


অহাকালি ভোগালীৰ উৰুকা,ভোগৰ উৎসৱ ভোগালী বিহুক লৈ উথলমাখল পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো।ভোগালী বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোবাৰ সমান্তৰালকৈ ৰহা পূব সৰাগাঁও প্ৰাথমিক বিদ্যালয়ত ভোগালী বিহুৰ প্ৰাক মূহুৰ্তত প্ৰাক ভোগালী বিহু উদযাপন কৰা হয়।


কন কন ছাত্ৰ ছাত্ৰীক ভোগালী বিহুৰ পৰম্পৰা অবগত কৰাৰ উদ্দেশ্য আয়োজিত প্ৰাক ভোগালী বিহুত ছাত্ৰ ছাত্ৰীয়ে বিহু গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।


প্ৰাক ভোগালী বিহু উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাস,প্ৰধান শিক্ষয়ত্ৰী লীনা বৰা,সহ শিক্ষয়ত্ৰী কুন্তি বৰা,দীপালি দাস সহ কন কন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें