নগাঁৱৰ ৰহাত জিলা উদ্যম সমাগম,স্বদেশী মেলাৰ উদ্বোধন কৰে বিধায়ক শশীকান্ত দাসে - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

নগাঁৱৰ ৰহাত জিলা উদ্যম সমাগম,স্বদেশী মেলাৰ উদ্বোধন কৰে বিধায়ক শশীকান্ত দাসে

 



চয়েল খেতান, ৰহা


   ভাৰতবৰ্ষৰ এমএচএমই খণ্ডৰ কাৰ্যকুশলতা ও গতিশীলতা বৃদ্ধি আৰু স্থানীয় উদ্যোগী সকলৰ উদ্যমীয়তাক শক্তিশালী আৰু উৎসাহ প্ৰদানৰ লক্ষ্যৰে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰ, নগাঁৱৰ যৌথ সহযোগত ভাৰত চৰকাৰৰ এমএচএমই মন্ত্ৰালয়ৰ Raising and Accelerating MSME Performance (RAMP) আঁচনিৰ অধীনত যুৱ আৰু মহিলা উদ্যোগী সকলৰ বাবে এটি উজ্জীৱিত মঞ্চ প্ৰদান কৰাৰ বাবে ইংৰাজী ৫ জানুৱাৰীৰ পৰা জানুৱাৰী, ২০২৬ লৈকে পাঁচদিনীয়াকৈ "জিলা উদ্যম সমাগম" ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে।

 এই “জিলা উদ্যম সমাগম"ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে জিলা উদ্যম সমাগম মেলাৰ শুভ উদ্বোধন কৰে আৰু সমাগম স্থলিত বিভিন্ন উদ্যোগী সকলে স্থাপন কৰা বিপনী সমূহ পৰিদৰ্শন কৰে।


বিধায়ক শশীকান্ত দাসে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত কয় যে বৰ্তমান অসমত উদ্যোগীকৰণৰ এক জাগৰণৰ সৃষ্টি হৈছে। দুটাকৈ এডভান্টেজ আচাম অনুষ্ঠানৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ উদ্যোগপতি সকল আহি অসমৰ উদ্যোগ জগতখনত এক ব্যাপক জাগৰণৰ সৃষ্টি কৰিছে। ইয়াৰোপৰি বর্ত্তমান এম.এচ.এম.ই'ৰ অধীনত ভাৰত চৰকাৰে প্ৰান্তীয় পর্যায়ত বহু ক্ষুদ্র আৰু লঘু উদ্যোগী সকলৰ উন্নয়নৰ বাবে বিভিন্ন কার্যব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ অসমতো যুৱক যুৱতী আৰু মহিলা সকলক আৰ্থিক দিশত সবলীকৰণৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে।


বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি সম জিলা আয়ুক্ত ড° অংকিতা বৰাই ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ (MSME) সমগ্ৰিক আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত বিশেষভাবে আলোকপাত কৰে।


জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, নগাঁৱৰ যোগমন ডেকাৰজাই আঁত ধৰা অনুস্থানৰ আদৰণি ভাষণৰ লগতে জিলা উদ্যম সমাগমৰ গুৰুত্ব আৰু লক্ষ্যসমূহৰ ওপৰত আলোকপাত কৰে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, নগাঁৱৰ প্ৰধান পৰিচালক প্ৰাঞ্জন ৰাজমেধিয়ে। 

উদ্বোধনী অনুষ্ঠানত বিভিন্ন বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ বিষয়া–কৰ্মচাৰীসকলৰ লগতে বহুতো গণ্যমান্য ব্যক্তি, উদীয়মান আৰু প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। উদ্যম সমাগমস্থলীত স্থানীয় এমএছএমই, ষ্টাৰ্ট-আপ আৰু আত্ম-সহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰী, নতুন উদ্ভাৱন আৰু সেৱাসমূহ প্ৰদৰ্শনৰ কাৰণে ৫০ খনৰো অধিক বিপনী স্থাপন কৰা হৈছে।

এই সমাগমে নগাঁও জিলাৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ক্ষেত্ৰত নতুন অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें