ৰহাত আছু আৰু ধনকলীয়া বিহু হুঁচৰি দলৰ ৭দিনীয়া বিহুনাচ, ঢোল বাদনৰ কৰ্মশালা আৰম্ভ - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

ৰহাত আছু আৰু ধনকলীয়া বিহু হুঁচৰি দলৰ ৭দিনীয়া বিহুনাচ, ঢোল বাদনৰ কৰ্মশালা আৰম্ভ



চয়েল খেতান, ৰহা


বিহু গীত নৃত্যৰে মুখৰিত


সমাগত হেঁপাহৰ ৰঙালী বিহু, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত আগন্তক বিহুৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু ধনকলীয়া বিহু হুঁচৰি দলৰ যৌথ উদ্যোগত ৰহাত আজিৰ পৰা আৰম্ভ হৈছে ৭দিনীয়া বিহুনাচ,ঢোল বাদন আৰু পেঁপা বাদনৰ কৰ্মশালা।

      এই উপলক্ষে আজি বিয়লী ৩বজাৰ পৰা ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাংগনত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা কৰ্মশালা উদ্বোধনী অনুষ্ঠানত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ প্ৰধান শিক্ষয়ত্ৰী অনু প্ৰভাকোঁৱৰ,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাই সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে কৰ্মশালাৰ উদ্বোধন কৰে নগঞাঁ ঢোলৰ ওজা প্ৰসেনজিত কোঁৱৰে।

     কৰ্মশালাত ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কন কন শিশু, যুৱক, যুৱতী সকলক বিহুনাচ, ঢোল বাদন আৰু পেঁপা বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    কৰ্মশালা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট নগঞাঁ ঢোলৰ ওজা থুলেশ্বৰ ডেকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সাধাৰন সম্পাদক ভাৰত বৰুৱা, ৰহা শাখা সাহিত্য সভাৰ সম্পাদক লক্ষী প্ৰসাদ ডেকা, সাংবাদিক চয়েল খেতান, বিশিষ্ট ঢোল আৰু পেঁপা বাদক ৰুপক চন্দ্ৰ বৰা, পেঁপা বাদক বিতোপন মুদৈ, ঢোল বাদক পৰাগ ডেকা, পেঁপা বাদক অৰিন্দম ডেকা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ধনকলীয়া বিহু হুঁচৰি দলৰ বিষয় ববীয়া সহ শতাধিক কন কন শিশু, যুৱক, যুৱতী আৰু অবিভাবক অবিভাবিকা উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें