চয়েল খেতান, ৰহা
ৰহাৰ দীঘলদৰি কাকতিগাঁও পহুপুৰী আঞ্চলিক যুৱক যুৱতী সকলৰ দ্বাৰা আজি প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰি পুবা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত ইন্দ্ৰজিত নাথৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু চিদানন্দ নাথে পুষ্পাঞ্জলী জ্ঞাপন কৰাৰ লগতে উপস্থিত শতাধিক ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানত স্থানীয় আৰু আমন্ত্ৰিত যুৱক, যুৱতী সকলে জুবিন গাৰ্গৰ গীত আৰু মহিলা সকলে দিহানাম পৰিবেশন কৰাৰ লগতে ৫শতাধিক পুৰুষ, মহিলা,যুৱক যুৱতী,কন কন শিশু সকলে কলংৰ পাৰত একেলগে গালে মায়াবিনী বুকুৰ ৰাতি।








कोई टिप्पणी नहीं:
एक टिप्पणी भेजें