গুৱাহাটী, ১ডিচেম্বৰ দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰধান সচিব হিচাপে প্ৰথম বাৰৰ বাবে এজন অসমীয়া কুন্টল শৰ্মা পাঠক নিযুক্তি লাভ কৰাত সমগ্ৰ গুৱাহাটীৰ লগতে ৰাজ্যজুৰি এক আনন্দৰ জোৱাৰ উঠিছে। গুৱাহাটীৰ গীতানগৰৰ বিশিষ্ট অধিবক্তা প্ৰয়াত মাধৱ শৰ্মা পাঠক আৰু আৰতি শৰ্মা পাঠকৰ একমাত্ৰ তনয় তথা ৰাজ্যখনৰ প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, শিক্ষাবিদ, চিন্তাবিদ প্ৰয়াত তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ দ্বিতীয় জোঁৱাই কুন্তল শৰ্মা পাঠকে এই পদবী লাভ কৰা একমাত্ৰ অসমীয়াই নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী ব্যক্তি। এক বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- অতি পৰিপাতি, চিন্তাশীল ব্যক্তি কুন্তল শৰ্মা পাঠকৰ ব্যক্তিত্বই দেশখনৰ ইতিহাস ৰচনা কৰক। তেওঁ আৰু আগুৱাই গৈ থাকক। আমাৰ পৰা অতি আন্তৰিকতাৰে শুভেচ্ছা, শুভাশীষ জনালোঁ।
কুন্তল শৰ্মা পাঠকৰ প্ৰতি ভুৰি ভুৰি প্ৰশংসাৰে উপাচাই দিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী কিশোৰ কুমাৰ জৈন, গুৱাহাটীৰ জে বি ল কলেজ চোচাইটিৰ সাধাৰণ সম্পাদক কৃষ্ণা শৰ্মা, অসম শিশু সাহিত্য সমাজৰ সভাপতি প্ৰদীপ নাৰায়ণ ভট্ট, কাৰ্যকৰী সভাপতি ড সুষমা মজুমদাৰ, মুখপাত্ৰদ্বয় দুৰ্গা প্ৰসাদ শৰ্মা, বুলু কুমাৰী বড়া, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটীৰ যুটীয়া সম্পাদক জ্যোতিষ বৰ্মণ, গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, নৱগঠিত চমৰীয়া সমষ্টি এলেকাৰ বিশিষ্ট সমাজকৰ্মী ছাহজাহান আলী, ডিফুৰ লেখিকা ড০ সুৰঞ্জনা হাছনু, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী ডিজেন কাকতি, আজাৰাৰাৰ বিশিষ্ট চিন্তাবিদ বাসুদেৱ মালী, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে । সকলোৱে শৰ্মা পাঠকৰ উজ্জ্বল ভৱিষ্যত আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।







कोई टिप्पणी नहीं:
एक टिप्पणी भेजें