বৰ্ণিল সাজ আৰু তিৱা লোককৃষ্টি প্ৰদৰ্শনেৰে উখল মাখল বাৰপূজীয়াৰ তিৱা পিছু(মাঘ বিহু) উদযাপন ক্ষেত্ৰ - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

বৰ্ণিল সাজ আৰু তিৱা লোককৃষ্টি প্ৰদৰ্শনেৰে উখল মাখল বাৰপূজীয়াৰ তিৱা পিছু(মাঘ বিহু) উদযাপন ক্ষেত্ৰ

 


চয়েল খেতান, ৰহা


২৩ টা বছৰ জুৰি বাৰপূজীয়াত তিৱা ভাষা আৰু সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত পহিলা মাঘৰ দিনটোত তিৱা পিচু বা তিৱা মাঘ বিহু উদযাপন কৰা হয়। তদুপলক্ষৈ আজি পুৱা তিৱা গামোচা আৰু উদ্যোক্তা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দোলেন চন্দ্ৰ দেউৰীয়ৈ।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক ফাইন ডেকা ৰজাই।ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জয়ন্ত কুমাৰ মান্তাই।উদ্ধোধনী অনুষ্ঠানত উপস্হিত থাকে বিষ্ণু দাস, বীৰেণ লালুং, হেমন্ত কুমাৰ দেউৰী,টুটুমণি ডেকা দলৈ,মকুন্দ ডেকা ৰজা,কনক চন্দ্ৰ বৰা, কুমুদ চন্দ্ৰ বৰদলৈৰ লগতে অনেক গণ্য মান্য ব্যক্তি।ইয়াৰ পিছতেই এনাজৰী তিৱা কৃষ্টি দল,অমৰাৱতী তিৱা কৃষ্টি দল, বৰা গাওঁ ডেকা পায় তিৱা কৃষ্টি দল,চতাবড়ী মধ্য ইংৰাজী বিদ্যালয়, মনালিছা তিৱা কৃষ্টি দল,বৰদলৈ বাংঠাই তিৱা কৃষ্টি দল,সিধাবাৰী তিৱা কৃষ্টি দল,আমচাই পীনং কালচাৰেল ট্ৰুপ, দলে খ্ৰামচি মিচাৱা( কাঁহী) নৃত্য, খৰলা পিচু মিচাৱা (গাভৰু নৃত্য)লাংখুন মিছাৱা ( লাখুটি বা জোং) নৃত্য,নখচাঙা মিছাৱা( বৰষুণ মতা নৃত্য),মাছৰাৱা মিছাৱা (ধান কটা নৃত্য),আগ্ৰা মিছাৱা,(পূজাৰ নৃত্য),ইয়াংলি মিছাৱা( লখিমী ছপোৱা নৃত্য), বৰত নৃত্য আদি পৰিবেশন কৰি উখল মাকৰ পৰিবেশৰ সৃষ্টি কৰে বাৰপূজীয়াৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें