ৰহা শাখা সাহিত্য সভাৰ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ পূন্য তিথি জ্যোতি দিৱস ৰুপে পালন,শ্ৰদ্ধাৰে স্মৰণ - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

ৰহা শাখা সাহিত্য সভাৰ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ পূন্য তিথি জ্যোতি দিৱস ৰুপে পালন,শ্ৰদ্ধাৰে স্মৰণ

 


ৰহাৰ পৰা চয়েল খেতান


অসমৰ সঙ্গীত,সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী আৰু ৰুপান্তৰৰ খণিকৰ সুন্দৰৰ পূজাৰী ৰুপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস টি আজি ৰহাত শাখা সাহিত্য সভাৰ সৌজন্যত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুন্য তিথি জ্যোতি দিৱস ৰুপে পালন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে।

   ৰহা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰংৰ সভাপতিত্বত আৰু

 সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা জ্যোতি দিৱসত ৰুপকোঁৱৰৰ প্ৰতিচ্ছবিৰ ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে শিক্ষাবিদ আৰু ৰহা আঞ্চলিক সাহিত্য সভাৰ উপদেষ্টা কমল চন্দ্ৰ শৰ্মাই। ৰুপ কোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰহা আঞ্চলিক সাহিত্য সভাৰ উপদেষ্টা সাংস্কৃতিক আৰু নাট্য কৰ্মী মাধৱ চন্দ্ৰ নাথে।পুস্পাঞ্জলি তৰ্পণ কাৰ্যসূচী মুকলি কৰে ৰহা আঞ্চলিক শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ ডম্বৰু ধৰ শৰ্মাই। তেওঁক সহযোগ কৰে সমাজ কৰ্মী ভূবন চন্দ্ৰ দাসে। পুস্পাঞ্জলি তৰ্পণ কাৰ্যসূচীত ৰহা আঞ্চলিক শাখা সাহিত্য সভাৰ উপ সভাপতি দীপক কুমাৰ শৰ্মা,ৰহা আঞ্চলিক শাখা সাহিত্য সভাৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ নাথ, সহকাৰী সম্পাদক সঞ্জয় কুমাৰ কাকতি, থানেশ্বৰ দেউৰী,সাংবাদিক সঞ্জীৱ দাস, চয়েল খেতান আদিয়ে অসমৰ প্ৰাত: স্মৰণীয় বৰেণ্য শিল্পী‌ গৰাকীৰ অমূল্য ত্যাগক শ্ৰদ্ধাৰে সোৱৰণ কৰি বক্তব্য আগবঢ়ায়,ইপিনে দুপৰীয়া অনুষ্ঠিত জ্যোতি স্মৰণ অনুষ্ঠানত বিভিন্ন বক্তাৰ ভাষণত ৰুপকোৱৰৰ অমূল্য অৱদান আৰু নি:স্বাৰ্থ ত্যাগ আৰু গভীৰ অসম প্ৰেম সোৱৰণ কৰে।অনুষ্ঠানতেই ভূৱন চন্দ্ৰ দাসৰ গ্ৰন্থক পুথি ভড়াল কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃতি লাভ কৰাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें