চয়েল খেতান, ৰহা
পতঞ্জলি ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ উপস্থিত নগাঁও জিলাৰ কলিয়াবৰ পতঞ্জলি তহচিল সমিতি গঠন কৰা হয়।
কলিয়াবৰ আমবাগান প্ৰাথমিক বিদ্যালয় ত যোৱা ১ জানুৱাৰীত পতঞ্জলি ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকৰাৰ উপস্থিতিত অনুষ্ঠিত পতঞ্জলি যোগ সমিতিৰ সাধাৰন সভাত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে সৰ্বসম্মতিত দওৰাজ ৰয়ক তহচিল প্ৰভাৰী,উজ্বল বিশ্বকৰ্মাক সহ তহচিল প্ৰভাৰী, মনোৰঞ্জন চৰকাৰক সাধাৰন সম্পাদক, সুভজিত লাহিৰীক সহ সাধাৰণ সম্পাদক, শ্যামল চক্ৰবৰ্তী ক যুব প্ৰভাৰী, সুকন দাসক কিষান সেবা সমিতি প্ৰভাৰী, পাৰ্থ দেবনাথক কোষাধ্যক্ষ, বীনা চক্ৰবৰ্তী, চন্দনা মণ্ডল ক মহিলা সদস্য, জয়দেৱ মল্লিক ক উপদেষ্টা আৰু জগদীশ দাস, পুষ্পা মণ্ডল, বকুলি ৰয়ক সাধাৰন সদস্য হিচাপে লৈ পতঞ্জলি ৰ কলিয়াবৰ তহচিল সমিতি গঠন কৰা হয়।
সমিতি গঠনত পতঞ্জলি নগাঁও জিলা ভাৰত স্বাভিমান ন্যাস প্ৰভাৰী সুনিল হাজৰিকা, সহ প্ৰভাৰী অৰুপ বৈশ্য, কোষাধ্যক্ষ ত্ৰৈলোক্য মোহন নাথ, নগাঁও জিলা পতঞ্জলি যোগ সমিতি ৰ প্ৰভাৰী গৌতম দেৱনাথজী সহ কলিয়াবৰ তহচিল ৰ যোগ সাধক সাধিকা উপস্থিত থাকে।









कोई टिप्पणी नहीं:
एक टिप्पणी भेजें