ৰহা বৌদ্ধিধৰ্মা কৰাটো ক্লাবৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

ৰহা বৌদ্ধিধৰ্মা কৰাটো ক্লাবৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন



বৰ্ষ ২০১৭ৰ ৫ফেব্ৰুৱাৰীত স্থাপিত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ দশম তম্ প্ৰতিষ্ঠা দিৱস আজি উল্লহ মালহেৰে পালন কৰা হয়।

     শিশুৰ শাৰিৰীক,মানসিক বিকাশ সাধনৰ লগতে আত্মাৰক্ষা হেতু স্থাপিত ৰহা বৌদ্ধিধৰ্মা কৰাটে ক্লাবৰ ১০তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিয়লী ৪বজাত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠানত বৰ্ষ ২০২১ত অসম অলিম্পিকত সন্থাৰ স্বীকৃতি প্ৰাপ্ত সদৌ অসম ৰাজ্যিক  কাৰাটে সন্থাৰ প্ৰথম বাৰ অসম চৰকাৰ পঞ্জীয়ন ভুক্ত প্ৰতিযোগিতাত পদক পাবলৈ সক্ষম হোবা চৰকাৰী জলপানি প্ৰাপ্ত ৪গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে দেৱকিশান চুতীয়া(সোন),বেদব্ৰত দাস(সোন),ভাৰ্গৱী মেধি(ব্ৰোঞ্জ)আৰু কৌশিক বৰদলৈ(ব্ৰোঞ্জ)আৰু ব্লেক বেল্ট প্ৰাপক স্বৰাজ ডেকা, দীপশিখা পাতৰ,দেবাঞ্ছি বৰুৱা,সুমন কুমাৰ নাথ বিষ্ণু প্ৰিয়া চুতিয়া,বৈভবী বৰগোঁহাই, পৰিচমিতা দাস,কৃতিছা দাস,মৃগাংগীৰা নাথ আৰু দুলুমনী পাতৰক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ সম্পাদক সঞ্জীৱ কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য প্ৰফুল্ল কুমাৰ দাস,উপ প্ৰধান আচাৰ্য্য অনামিকা দাস মেধি, ৫ডান ব্লেক বেল্ট চিহান পংকজ কুমাৰ মুদৈ,ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, ক্লাবৰ সভাপতি চপন কুমাৰ মেধি,কাৰ্য্যকৰী সভাপতি পৰাগ কুমাৰ বৰদলৈ উপস্থিত থাকি সম্বোধন কৰি শিশু সকলৰ শাৰিৰীক, মানসিক বিকাশ বাবে কৰি অহা কামৰ প্ৰশংসা কৰে।লগতে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য প্ৰফুল্ল কুমাৰ দাসে কৈ যে প্ৰতিষ্ঠা দিৱস মানে গৌৰৱ ৰ দিন,স্মৃতি ৰোমন্থন কৰাৰ দিন আৰু উপ প্ৰধান আচাৰ্য্য য়ে কয় যে আজি খেল কেবল খেল হৈ থকা নাই, খেল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে, খেলৰে শৰীৰ সুস্থ ৰাখিব পাৰে, সুস্থ শৰীৰে সুস্থ মন দিব পাৰে আৰু খেলৰ মাধ্যমে আমি শৰীৰ সুস্থ কৰি ৰাখিব পাৰোঁ, শৰীৰ আৰু মন সুস্থ থাকিলেহে আমি শৈক্ষিক ৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম আৰু ছাত্ৰ ছাত্ৰী সকলে নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব।

  এই উপলক্ষে ৰহা বৌদ্ধুধৰ্মা কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষক ৩ডান ব্লেক বেল্ট নিত্য কুমাৰ পাতৰ, সাংবাদিক চয়েল খেতান সহ ক্লাবৰ অবিভাবক, অবিভাবিকা, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें